Logo
image

আদালতৰ ভিতৰত অবাঞ্ছিত পৰিস্থিতিৰ সৃষ্টি সংগীতা দত্তৰঃ চিঞৰি চিঞৰি ক'লে, "ৱালিউলক জামিন নিদিলে মোকো জামিন নালাগে"

ডিজিটেল সংবাদ, গুৱাহাটীঃ শিশু নিৰ্যাতনৰ অভিযুক্ত চিকিৎসক ডাঃ সংগীতা দত্ত আৰু তেওঁৰ স্বামী ৱালিউল ইছলামক বৃহস্পতিবাৰে আৰক্ষীয়ে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা গুৱাহাটীৰ পছক' আদালতত হাজিৰ কৰায়। গুৱাহাটীৰ পছক' আদালতৰ ভিতৰত উপস্থিত হৈ চিকিৎসক সংগীতা দত্তই বিকট চিঞৰ বাখৰ কৰি এক অবাঞ্ছিত পৰিস্থিতিৰ সৃষ্টি কৰে। পছক' আদালতৰ ভিতৰত সংগীতা দত্তই চিঞৰি চিঞৰি কান্দি আদালতৰ পৰিৱেশ বিনষ্ট কৰে। স্বামী ৱালিউল ইছলামক জামিন নিদিলে সংগীতাকো জামিন নালাগে বুলি চিঞৰি চিঞৰি সংগীতা দত্তই কয় যে যদি ৱালিউলক জামিন দিয়ে তেন্তে মোকো জামিন দিব লাগিব। আদালতৰ ভিতৰত মানসিক চিকিৎসক ডাঃ সংগীতাৰ আচৰণ দেখি হতবাক হৈ পৰে আৰক্ষী, ন্যায়াধীশ-অধিবক্তাসকল। 

আদালতৰ পৰা ওলাই আহি সংগীতা দত্তই সংবাদ মাধ্যমৰ আগত কয় যে মই জে'লৰ পৰা ওলাই আহি ৰাইজক পুনৰ চিকিৎসা সেৱা কৰিম। জে'লত মোক বহুত ৰোগীয়ে সাক্ষাৎ কৰিব আহে বুলি উল্লেখ কৰি সংগীতা দত্তই কয় যৈ মই নিজেও জে'লত চিকিৎসা লৈ আছো৷ দীপিকা পাডুকণ, অনুস্কা শৰ্মা, বিৰাট কোহলিয়েও মনোৰোগ চিকিৎসা গ্ৰহণ কৰি আছে। 

লগতে সংগীতাই কয় যে মোৰ সন্তান দুটিলৈ বহু মনত পৰিছে। সংবাদ মাধ্যমত দেখিছোঁ, সিহঁতে আম্মা আৰু আব্বা বুলি কৈছে। কণমানি দুটালৈ মোৰ বহুত মনত পৰিছে। আমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা হৈছে। সময়ত সকলো কথা স্পষ্ট হ'ব। ভগৱানৰ ওপৰত আমাৰ বিশ্বাস আছে।